[
Song: O Xokhi Aji Joubon (অ’ সখী আজি যৌৱন)
Singer: Jyoti Prasad Agarwala
O Xokhi Aji Joubon Lyrics |
O Xokhi Aji Joubon Lyrics:----
অ’ সখী আজি
যৌৱন বন জুৰি
বন-বসন্ত মুঞ্জৰি
পাতে বৰণৰে মেলা,
হাঁহা সখী মোৰ
হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা ৷
তোৰ ৰূপৰ ফুলনিতে
শেৱালি নেৱালি কতনো ফুল...
দশোদিশ আমোলাই
কৰিছে আকুল
ফুল বাটিৰে মৌৰে
নিজৰা বাকি দিয়া
বিয়াকুল ৰূপ মৌ পিয়া ৷
আজি অভিনৱ তৰালি পোহৰৰ
চঞ্চল গীতি শুনা....
তাৰ লহৰতে কঁপি কঁপি মোৰ যৌৱনৰ
জোনাকী কাৰেঙত বাজে বীণা ৷
তাতে বাসনা-উৰ্ব্বশী
বিবসনা...
নৃত্যতে আকুল
অ’ সখী! যায় যে বেলা...
হাঁহা সখী মোৰ
হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা ৷৷
0 Comments